ধ্ৰুং ।।

পাৱে পৰি হৰি কৰোহোঁ কাতৰি

প্ৰাণ ৰাখবি মোৰ ।

বিষয় বিষধৰ বিষে জৰজৰ

জীৱন নাৰহে থোৰ ।।

 

পদ ।।

অথিৰ ধনজন জীৱন যৌৱন

অথিৰ এহু সংসাৰ ।

পুত্ৰ পৰিৱাৰ সবহি অসাৰ

কৰবো কাহেৰি সাৰ ।।

কমল দল জল চিত্ত চঞ্চল

থিৰ নোহে তিল এক ।

নাহি ভৱভয় ভোগে হৰি হৰি

পৰম পদ পৰতেক ।।

কহতু শঙ্কৰ এ ভৱ সাগৰ

পাৰ কৰা হৃষীকেশ ।

তুহূ গতি, মতি দেহু শ্ৰীপতি

তত্ত্ব পন্থ উপদেশ ।।